মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকৰ পৰিয়াল কল্যাণ আঁচনিৰ বাবে আবেদন

মূল বিষয়:

  • অসম সাংবাদিক পৰিয়াল কল্যাণ আঁচনি হৈছে এক সহায়ক আঁচনি।
  • সাংবাদিক এগৰাকীৰ অকাল মৃত্যু হ’লে প্ৰয়াত সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
  • সাংবাদিকজন ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ দ্বাৰা স্বীকৃত হ’ব লাগিব।
  • সৰ্বোচ্চ বয়স ষাঠি বছৰ।
  • প্ৰয়াত সাংবাদিকৰ নিকট আত্মীয়লৈ সহায় আগবঢ়োৱা হ’ব।

অৱলোকন:

অসম জাৰ্ণেলিষ্ট ফ্যামিলি বেনিফিট স্কীম বা অসম সাংবাদিক পৰিয়াল কল্যাণ আঁচনি হৈছে ২০১৪-১৫ বৰ্ষত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত হোৱা এক সহায়কাৰী আঁচনি। IPRD.62/2015/110 চৰকাৰী জাননী অনুসৰি ২০১৬ ৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে ইয়াক অধিসূচিত কৰা হয়। এই আঁচনিৰ অধীনত অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। এই আঁচনিৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰয়োজনীয় নিয়মসমূহ যুগুত কৰিছে আৰু এই কৰ্পাচ পুঁজিত ২০১৭-১৮ বিত্তীয় বৰ্ষত এক কোটি টকাৰ অনুদান আগবঢ়াইছে।

ইয়াত সাংবাদিকৰ অকাল মৃত্যুয়ে এগৰাকী সাংবাদিকৰ বাতৰি প্ৰতিষ্ঠানৰ হকে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়ত অপ্ৰাকৃতিক ধৰণে (অপৰাধৰ তথা উগ্ৰবাদৰ বলি হৈ/দুৰ্ঘটনাজনিত কাৰণত) মৃত্যু হোৱাটো সূচাইছে।

যোগ্যতাৰ মাপকাঠি:

  • সাংবাদিকজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • তথ্য আৰু জনসংযোগ সঞ্চালকালয় কাৰ্য্যালয়ৰ দ্বাৰা সাংবাদিকগৰাকী স্বীকৃত হ’ব লাগিব।
  • ৬০ বছৰ বয়সলৈ এই আঁচনিয়ে সামৰি লয়।
  • মৃত্যু হোৱা সাংবাদিকৰ নিকট আত্মীয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
  • এগৰাকী সাংবাদিকৰ অকাল মৃত্যুৰ বিষয়ে আৰক্ষী অধীক্ষকে তথ্য আৰু জনসংযোগ বিভাগক অৱগত কৰিব।
  • আৰক্ষী অধীক্ষকে প্ৰদান কৰা প্ৰতিবেদনৰ ভিত্তিত তথ্য আৰু জনসংযোগ বিভাগে পৰিয়ালৰ সদস্যৰ দাবী পৰীক্ষা কৰে।
  • তলত উল্লেখ কৰা ব্যক্তিসকলে সাহায্যৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিব:

(১) বিধৱা বা বৰলা।
(২) ২৮ বছৰ বয়সৰ তলৰ নিবনুৱা পুত্ৰ।
(৩) ২৮ বছৰ বয়সৰ তলৰ অবিবাহিত আৰু নিবনুৱা জীয়ৰী।
(৪) নিৰ্ভৰশীল পিতৃ।
(৫) নিৰ্ভলশীল মাতৃ।

নিৰ্দেশনাৱলী:

আঁচনিৰ পৰা অনুমোদন লাভ কৰাৰ প্ৰণালী:

  • সূচী ১ত থকা অনুসৰি বিত্তীয় সাহায্যৰ আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰি সমিতিখনৰ আহ্বায়ক অৰ্থাৎ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক আহ্বায়কৰ ওচৰত মঞ্জুৰীৰ বাবে দাখিল কৰিব লাগিব। সূচী ২ত থকা প্ৰ-পত্ৰৰ এটি প্ৰতিবেদন ইয়াৰ সৈতে গাঁঠি দিব লাগিব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিশেষ অনুমোদন আৰু প্ৰয়োজনীয় নথি-পত্ৰসহ সাহাৰ্য্যৰ প্ৰস্তাৱসমূহ সমিতিৰ আগত উথাপন কৰিব লাগিব। জৰুৰী অৱস্থাত অধ্যক্ষৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অনুমোদনৰ দ্বিতীয়বাৰ অনুষ্ঠিত হোৱা সমিতিৰ সভাত প্ৰতিবেদন দাখিল কৰিব লাগিব।
  • সমিতিৰ অহ্বায়কে অৰ্থাৎ জনসংযোগ সঞ্চালকে আৰ্থিক সাহায্য অনুমোদনৰ বাবে উপযুক্ত বুলি ভৱা বিষয়সমূহ বিবেচনা কৰিব পাৰে। এই ক্ষেত্ৰত অনুসূচী-১ আৰু অনুসূচী-২ ত থকা প্ৰ-পত্ৰত তথ্যসমূহ পূৰন কৰিব লাগিব।
  • দাখিল কৰা হোৱা সকলো আবেদন সমিতিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিব লাগিব। সাহাৰ্য্য আগবঢ়োৱাৰ আগতে বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বিষয়ে বুজ ল’বলৈ অন্য প্ৰমাণপত্ৰও বিচাৰিব পাৰে।
  • অনুমোদন হোৱা তাৰিখত বিত্তীয় সাহাৰ্য্য প্ৰদান কৰিব লাগিব।
  • এই নিয়মাৱলীয়ে সামৰি লোৱা আচঁনিৰ লগত জড়িত বিষয়সমূহ সমিতিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব।
  • চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি সমিতিয়ে সাহায্যৰ বাবে থকা বৰ্তমানৰ চৰ্তাৱলীৰ উপৰিও নতুন চৰ্তাৱলী বা নিৰ্দেশাৱলী ধৰি দিব পাৰে।
  • অতি প্ৰয়োজনীয় সময়ত সমিতিৰ অধ্যক্ষই অন্তৰ্বতী বিত্তীয় সাহায্যৰ বাবে পুঁজি অনুমোদন কৰিব পাৰে। এনে জৰুৰী সময়ৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সাহায্যৰ অৰ্থে সমিতিয়ে সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিব লাগিব।
  • উপাধ্যক্ষ আৰু সমিতিৰ সদস্য সচিবে/আহ্বায়কে যুটীয়াভাৱে পুঁজি পৰিচালনা কৰিব লাগিব। তেওঁলোকে ইয়াৰ বাবে পৃথকে একাউণ্ট পৰিচালনা কৰিব লাগিব।
  • DIPR ৰ গণনা বিভাগৰ বিত্ত আৰু গাণনিক বিষয়াৰ তত্বাৱধানত পুঁজিৰ একাউণ্ট পৰিচালিত হয়। সময়ে সময়ে I&PRD ৰ বিত্তীয় উপদেষ্টালৈ এই সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰিব লাগিব।
  • এ.জি ৰ হিচাপ পৰীক্ষকে সময়ে সময়ে হিচাপ পৰীক্ষা কৰিব লাগিব।

প্ৰয়োজন হোৱা নথিপত্ৰ:

আবেদনকাৰীয়ে তলত দিয়াসমূহ জমা দিব লাগিব:

  • সূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • সূচী ২ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় প্ৰমাণপত্ৰ।

কেনেকৈ আবেদন কৰিব:

 আবেদনকাৰীয়ে তলত দিয়া তথ্যসমূহ যোগান দি আবেদন কৰিব পাৰিব:

  • সূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • সূচী ২ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় প্ৰমাণপত্ৰ।

সেৱাৰ প্ৰকাৰ:

 অফলাইন: হয়

পূৰণ কৰিলগীয়া প্ৰ-পত্ৰ:

সূচী ১ আবেদন প্ৰ-পত্ৰডাউনলোড
সূচী ২ ডি.আই.পি.আৰ/ডি.আই.পি.আৰ.অ/এছ.ডি.আই.পি.আৰ.অ ৰ প্ৰতিবেদনডাউনলোড

যোগাযোগ কৰিব লগীয়া ব্যক্তি: