সঞ্চালকালয়ৰ এটা আঞ্চলিক কাৰ্য্যালয় আৰু বহুসংখ্যক জিলা আৰু মহকুমা কাৰ্য্যালয় আছে।
ৰাজ্যৰ বিভিন্ন অংশত আৰু ৰাজ্যৰ বাহিৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে (ডি.আই.পি.আৰ) পাঁচটা আঞ্চলিক কাৰ্য্যালয় স্থাপন কৰিছে। আঞ্চলিক কাৰ্য্যালয়সমূহ ৰাজ্যৰ ভিতৰৰ ডিফু, যোৰহাট আৰু কোকৰাঝাৰ আৰু ৰাজ্যৰ বাহিৰৰ কলকাতা আৰু নতুন দিল্লীত অৱস্থিত। এই কাৰ্য্যালয়সমূহে নিৰ্দিষ্ট এলেকাৰ ভিতৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কাৰ্য্যসমূহ পৰিচালনা কৰে।
ডি.আই.পি.আৰ ৰ ৰাজ্যৰ বিভিন্ন স্থানত মকৰল হৈ থকা বিভাগীয় কাৰ্য্যালয়সমূহৰ মাজত নেটৱৰ্কৰ সুসম্পৰ্ক আছে। তথ্য আৰু জনসংযোগ বিভাগৰ জিলা আৰু মহকুমা কাৰ্য্যালয়সমূহে ক্ষেত্ৰ পৰ্যায়ত অতি গুৰত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য কাৰ্য্য সম্পাদন কৰে। ইয়াৰ বিষয়াসকলে চৰকাৰী নীতিৰ সমৰ্থনৰ সন্দৰ্ভত জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে অ’ডিঅ, ভিজুৱেল মিডিয়া ইত্যাদিৰ মাধ্যমেৰে প্ৰায়েই বিভিন্ন ধৰণৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰে। এই ক্ষেত্ৰ বিষয়াসকলে গুৰত্বপূৰ্ণ স্থানসমূহত জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাই কাৰ্য্যালয়ৰ ঘোষণা প্ৰচাৰ কৰিবলৈ ফিক্সড লাউডস্পীকাৰ চিষ্টেম বা স্থায়ী অনুভাষ যন্ত্ৰ (FLS) পৰিচালনা কৰে। এই সহজ চেটেলাইট ব্ৰ’ডকাষ্ট পদ্ধতিৰ আগমনৰ আগতে ক্ষেত্ৰ বিষয়াসকলে চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্য্যসূচীৰ জৰিয়তে প্ৰচাৰ কাৰ্য্য চলাইছিল। এই বিষয়াসকলে জনসাধাৰণৰ বাবে মূল্যবান পুথিৰে পৰিপূৰ্ণ পুথিভঁৰালো যোগান ধৰিছে।