মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকৰ পেঞ্চন আচঁনিৰ বাবে আবেদন

মূল বিষয়:

  • এই আচঁনি ১-১-২০১৬ ৰ পৰা আৰম্ভ কৰা হয়।
  • এই আচঁনিৰ অধীনত, পেঞ্চন লাভ কৰা ব্যক্তিগৰাকীক আজীৱন পেঞ্চন প্ৰদান কৰা হয়।
  • পেঞ্চনৰ মূল্য মাহে ৮,০০০ টকা।
  • সৰ্বোচ্ছ বয়স ৬০ বছৰ হ’ব লাগিব।
  • বিত্তীয় বৰ্ষ ২০১৬-১৭ ৰ বাবে ১০ লাখ টকা আৰু বিত্তীয় বৰ্ষ ২০১৭-১৮ ৰ বাবে ২০ লাখ টকা ধাৰ্য্য কৰা হৈছে।
  • আৰম্ভণিৰ বছৰৰ বাবে পেঞ্চনাৰৰ সংখ্যা ১০ জন হ’ব পাৰিব।

অৱলোকন:

২০ বছৰতকৈ অধিক কৰ্মৰত অৱস্থাত থকা অৱসৰপ্ৰাপ্ত সাংবাদিকসকলক পেঞ্চন প্ৰদান কৰিবৰ বাবে ১৬ জানুৱাৰী ২০১৭ত পেঞ্চন আচঁনিৰ প্ৰৱৰ্তন কৰা হয়।এই আচঁনি ৬০ বছৰ বয়সৰ বা তাতকৈ বয়সীয়াল সাংবাদিকসকলক প্ৰদান কৰা হয়। এই পেঞ্চনটি সাংবাদিকজনৰ বাবে আজীৱন থাকিব।

প্ৰক্ৰিয়া প্ৰবাহ:

এই আচঁনিৰ বাবে আবেদন তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ মাধ্যমেৰে কৰা হয়। অনুদান লাভৰ বাবে নিৰ্দিষ্ট দস্তাবেজসমূহ সমিতিৰ আগত জমা দিব লাগিব। কিন্তু, জৰুৰীকালীন সময়ত অধ্যক্ষৰ দ্বাৰা অনুমতি লৈ পিছত সমিতিৰ অনুমোদন কৰাবও পৰা যায়।

যোগ্যতাৰ মাপকাঠি:

সাংবাদিকগৰাকী:

ক) ভাৰতীয় নাগৰিক হ’ব লাগিব।

খ) অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

গ) সঞ্চালকালয়ৰ দ্বাৰা আনুস্থানিকভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিক হ’ব লাগিব।

নিৰ্দেশনাৱলী:

 আঁচনিৰ পৰা অনুমোদন লাভ কৰাৰ প্ৰণালী:

  • অনুসূচী ১ত থকা অনুসৰি বিত্তীয় সাহায্যৰ আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰি সমিতিখনৰ আহ্বায়ক অৰ্থাৎ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰ ওচৰত মঞ্জুৰীৰ বাবে দাখিল কৰিব লাগিব। অনুসূচী ২ত থকা প্ৰ-পত্ৰৰ এটি প্ৰতিবেদন ইয়াৰ সৈতে গাঁঠি দিব লাগিব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিশেষ অনুমোদন আৰু প্ৰয়োজনীয় নথি-পত্ৰসহ সাহায্যৰ প্ৰস্তাৱসমূহ সমিতিৰ আগত উথাপন কৰিব লাগিব। জৰুৰী অৱস্থাত অধ্যক্ষৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অনুমোদনৰ দ্বিতীয়বাৰ অনুষ্ঠিত হোৱা সমিতিৰ সভাত প্ৰতিবেদন দাখিল কৰিব লাগিব।
  • সমিতিৰ অহ্বায়কে অৰ্থাৎ জনসংযোগ সঞ্চালকে আৰ্থিক সাহায্য অনুমোদনৰ বাবে উপযুক্ত বুলি ভৱা বিষয়সমূহ বিবেচনা কৰিব পাৰে। এই ক্ষেত্ৰত অনুসূচী-১ আৰু অনুসূচী-২ ত থকা প্ৰ-পত্ৰত তথ্যসমূহ পূৰন কৰিব লাগিব।
  • দাখিল কৰা হোৱা সকলো আবেদন সমিতিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিব লাগিব। সাহায্য আগবঢ়োৱাৰ আগতে বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বিষয়ে বুজ ল’বলৈ অন্য প্ৰমাণপত্ৰও বিচাৰিব পাৰে।
  • অনুমোদন হোৱা তাৰিখত বিত্তীয় সাহায্য প্ৰদান কৰিব লাগিব।
  • এই নিয়মাৱলীয়ে সামৰি লোৱা আচঁনিৰ লগত জড়িত বিষয়সমূহ সমিতিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব।
  • চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি সমিতিয়ে সাহায্যৰ বাবে থকা বৰ্তমানৰ চৰ্তাৱলীৰ উপৰি নতুন চৰ্তাৱলী বা নিৰ্দেশাৱলী ধৰি দিব পাৰে।
  • অতি প্ৰয়োজনীয় সময়ত সমিতিৰ অধ্যক্ষই অন্তৰ্ৱৰ্তী বিত্তীয় সাহায্যৰ বাবে পুঁজি অনুমোদন কৰিব পাৰে। এনে জৰুৰী সময়ৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সাহায্যৰ অৰ্থে সমিতিয়ে সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিব লাগিব।
  • উপাধ্যক্ষ আৰু সমিতিৰ সদস্য সচিবে/আহ্বায়কে যুটীয়াভাৱে পুঁজি পৰিচালনা কৰিব লাগিব। তেওঁলোকে ইয়াৰ বাবে পৃথকে একাউণ্ট পৰিচালনা কৰিব লাগিব।
  • DIPR ৰ গণনা বিভাগৰ বিত্ত আৰু গাণনিক বিষয়াৰ তত্বাৱধানত পুঁজিৰ একাউণ্ট পৰিচালিত হয়। সময়ে সময়ে I&PRD ৰ বিত্তীয় উপদেষ্টালৈ এই সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰিব লাগিব।
  • এ.জি ৰ হিচাপ পৰীক্ষকে সময়ে সময়ে হিচাপ পৰীক্ষা কৰিব লাগিব।

মাচুল:

নালাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ:

আবেদনকাৰীয়ে তলত দিয়া নথিসমূহ জমা দিব লাগিব:

  • অনুসূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় প্ৰমাণপত্ৰ।

কেনেকৈ আবেদন কৰিব:

 আবেদনকাৰীয়ে তলত দিয়া তথ্যসমূহ যোগান দি আবেদন কৰিব পাৰিব:

  • সূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় প্ৰমাণপত্ৰ।

সেৱাৰ প্ৰকাৰ:

অফলাইন: হয়

পূৰণ কৰিলগীয়া প্ৰ-পত্ৰ:

অনুসূচী ১আবেদন প্ৰপত্ৰডাউনলোড

যোগাযোগ কৰিব লগীয়া ব্যক্তি: