মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকৰ চিকিৎসা কল্যাণ আচঁনিৰ বাবে আবেদন

মূল বিষয়:

  • বিভাগে এই আচঁনি ২০১২-১৩ বৰ্ষৰ পৰা ৰূপায়ন কৰি আহিছে।
  • এই আচঁনিৰ অধীনত স্বীকৃতপ্ৰাপ্ত সাংবাদিকলৈ তেখেতৰ চিকিৎসা ব্যয়ৰ বাবে এককালীন সাহাৰ্য্য প্ৰদান কৰা হয়।
  • এই আচঁনিয়ে সাংবাদিকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যকো সামৰি লয়।
  • এতিয়ালৈকে মুঠ ৭৬ গৰাকী সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্যক ৪২.৩৩ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে।
  • কৰ্পাছ পুজিঁৰ পৰা লাভ কৰা সুতৰ পৰা এই সাহাৰ্য্যসমূহ প্ৰদান কৰা হয়।

অৱলোকন

ৰাজ্যৰ সাংবাদিকসকলৰ কল্যাণৰ বাবে আৰু তেওঁলোকৰ দাবী অনুযায়ী অসম চৰকাৰে Assam Press Correspondents (Accreditated/ Recognitions) Rules, 1989 ৰ অধীনত সাংবাদিকসকলৰ চিকিৎসাৰ ব্যয়ৰ বাবে সাংবাদিকৰ চিকিৎসা কল্যাণ আচঁনি নামেৰে এক প্ৰকল্পৰ সূচনা কৰে।

ভাৰতীয় ষ্টেট বেংক, দিছপুৰ শাখাত এই আচঁনিৰ অধীনত ৩ কোটি টকা জমা কৰা হৈছে। ২৫-১২-২০১৬ তাৰিখলৈকে কৰ্পাচ পুজিৰ সুত ২৮,৮৮,২৫৮ টকা হোৱা বুলি জানিব পৰা হৈছে।

প্ৰক্ৰিয়া প্ৰবাহ

এই আচঁনিৰ বাবে আবেদন তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ মাধ্যমেৰে কৰা হয়। অনুদান লাভৰ বাবে নিৰ্দিষ্ট দস্তাবেজসমূহ সমিতিৰ আগত জমা দিব লাগিব। কিন্তু, জৰুৰীকালীন সময়ত অধ্যক্ষৰ দ্বাৰা অনুমতি লৈ পিছত সমিতিৰ অনুমোদন কৰাবও পৰা যায়।

যোগ্যতাৰ মাপকাঠি

সাংবাদিকগৰাকী:

ক) ভাৰতীয় নাগৰিক হ’ব লাগিব।

খ) অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

গ) সঞ্চালকালয়ৰ দ্বাৰা আনুস্থানিকভাৱে স্বীকৃতিপ্ৰাপ্ত সাংবাদিক হ’ব লাগিব।

 

নিৰ্দেশনাৱলী

আঁচনিৰ পৰা অনুমোদন লাভ কৰাৰ প্ৰণালী:

  • অনুসূচী ১ত থকা অনুসৰি বিত্তীয় সাহায্যৰ আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰি সমিতিখনৰ আহ্বায়ক অৰ্থাৎ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰ ওচৰত মঞ্জুৰীৰ বাবে দাখিল কৰিব লাগিব। অনুসূচী ২ত থকা প্ৰ-পত্ৰৰ এটি প্ৰতিবেদন ইয়াৰ সৈতে গাঁঠি দিব লাগিব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিশেষ অনুমোদন আৰু প্ৰয়োজনীয় নথি-পত্ৰসহ সাহাৰ্য্যৰ প্ৰস্তাৱসমূহ সমিতিৰ আগত উথাপন কৰিব লাগিব। জৰুৰী অৱস্থাত অধ্যক্ষৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অনুমোদনৰ বাবে দ্বিতীয়বাৰ অনুষ্ঠিত হোৱা সমিতিৰ সভাত প্ৰতিবেদন দাখিল কৰিব লাগিব।
  • সমিতিৰ অহ্বায়কে অৰ্থাৎ জনসংযোগ সঞ্চালকে আৰ্থিক সাহায্য অনুমোদনৰ বাবে উপযুক্ত বুলি ভৱা বিষয়সমূহ বিবেচনা কৰিব পাৰে। এই ক্ষেত্ৰত অনুসূচী-১ আৰু অনুসূচী-২ ত থকা প্ৰ-পত্ৰত তথ্যসমূহ পূৰন কৰিব লাগিব।
  • দাখিল কৰা হোৱা সকলো আবেদন সমিতিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিব লাগিব। সাহায্য আগবঢ়োৱাৰ আগতে বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বিষয়ে বুজ ল’বলৈ অন্য প্ৰমাণপত্ৰও বিচাৰিব পাৰে।
  • অনুমোদন হোৱা তাৰিখত বিত্তীয় সাহায্য প্ৰদান কৰিব লাগিব।
  • এই নিয়মাৱলীয়ে সামৰি লোৱা আচঁনিৰ লগত জড়িত বিষয়সমূহ সমিতিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব।
  • চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি সমিতিয়ে সাহায্যৰ বাবে থকা বৰ্তমানৰ চৰ্তাৱলীৰ উপৰি নতুন চৰ্তাৱলী বা নিৰ্দেশাৱলী ধৰি দিব পাৰে।
  • অতি প্ৰয়োজনীয় সময়ত সমিতিৰ অধ্যক্ষই অন্তৰ্বতী বিত্তীয় সাহায্যৰ বাবে পুঁজি অনুমোদন কৰিব পাৰে। এনে জৰুৰী সময়ৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সাহায্যৰ অৰ্থে সমিতিয়ে সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি দিব লাগিব।
  • উপাধ্যক্ষ আৰু সমিতিৰ সদস্য সচিবে/আহ্বায়কে যুটীয়াভাৱে পুঁজি পৰিচালনা কৰিব লাগিব। তেওঁলোকে ইয়াৰ বাবে পৃথকে একাউণ্ট পৰিচালনা কৰিব লাগিব।
  • DIPR ৰ গণনা বিভাগৰ বিত্ত আৰু গাণনিক বিষয়াৰ তত্বাৱধানত পুঁজিৰ একাউণ্ট পৰিচালিত হয়। সময়ে সময়ে I&PRD ৰ বিত্তীয় উপদেষ্টালৈ এই সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰিব লাগিব।
  • এ.জি ৰ হিচাপ পৰীক্ষকে সময়ে সময়ে হিচাপ পৰীক্ষা কৰিব লাগিব।

 

মাচুল

নালাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ

 আবেদনকাৰীয়ে তলত দিয়াসমূহ জমা দিব লাগিব:

  • অনুসূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • অনুসূচী ২ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় অন্যান্য প্ৰমাণপত্ৰ।

প্ৰয়োজনীয় সময়সীমা

কোনো ধৰণৰ সময়সীমা নাথাকে।

কেনেকৈ আবেদন কৰিব

 আবেদনকাৰীয়ে তলত দিয়া তথ্যসমূহ যোগান ধৰি আবেদন কৰিব পাৰিব

  • অনুসূচী ১ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • অনুসূচী ২ ত নিৰ্ধাৰিত প্ৰ-পত্ৰ।
  • বৰ্তমানৰ আৰ্থিক অৱস্থা সম্বন্ধীয় অন্যান্য প্ৰমাণপত্ৰ।

সেৱাৰ প্ৰকাৰ

অফলাইন: হয়

পূৰণ কৰিলগীয়া প্ৰ-পত্ৰ

অনুসূচী ১পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ
অনুসূচী ২পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

যোগাযোগ কৰিব লগীয়া ব্যক্তি