মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

বৃত্তি আৰু মকৰল

তথ্য আৰু জনসংযোগ বিভাগ, ১৯৪০ চনত সেই সময়ৰ ৰাজধানী শ্বিলঙত স্থাপন হৈছিল। তেতিয়াৰে পৰা এই সঞ্চালকালয়ে চৰকাৰৰ নীতি, আচঁনি আৰু পৰিকল্পনাসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কবলৈ গ’লে, এই বিভাগে চৰকাৰ আৰু নাগৰিকৰ মাজত যোগাযোগৰ এক সেঁতু হিচাপে কাম কৰে।

মাচ কমিউনিকেশ্বন ডিগ্ৰীধাৰী আৰু মিডিয়া ক্ষেত্ৰত অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ প্ৰতিভা বিকাশৰ বাবে বিভাগে যথেষ্ট সুবিধা প্ৰদান কৰিছে।

বিভাগৰ এজন সঞ্চালক থাকে, যাৰ অধীনত অতিৰিক্ত সঞ্চালক, যুটীয়া সঞ্চালক, উপ-সঞ্চালক, সংযোগ বিষয়া/জিলা আৰু জনসংযোগ বিষয়া হিচাপে থকা জ্যেষ্ঠ্য তথ্য বিষয়াসকল আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া/সহকাৰী সম্পাদক /প্ৰকাশন সহায়ক আদি হিচাপে থকা কনিষ্ঠ তথ্য বিষয়াসকল থাকে।

সঞ্চালক, জেষ্ঠ্য তথ্য বিষয়া আৰু কণিষ্ঠ তথ্য বিষয়া পদৰ বাবে এপিএচচিৰ দ্বাৰা পোনপটীয়া নিযুক্তি হয়।

আবেদন কৰিব:

তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা

  • বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ ডিগ্ৰী থাকিব লাগিব।
  • সাংবাদিকতাৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়।
  • এটা দায়িত্বপূৰ্ণ পদত অন্ততঃ ১০ বছৰৰ প্ৰশাসনিক অভিজ্ঞতা।
  • লিখা-মেলাত দখল থাকিব লাগিব।
  • প্ৰচাৰ তথা প্ৰচাৰ পৰিচালনাৰ বাবে সক্ষমতা।
  • শেহতীয়া ভাৰত তথা বিশ্বৰ খবৰ সম্পৰ্কে আগ্ৰহ
  • ইংৰাজী ভাষাৰ ওপৰত দখল।
  • ৰাজ্যত চলি থকা অসমীয়া, বেংগলী বা হিন্দী ভাষাৰ ওপৰত দখল।

ROP 2017 অনুযায়ী পে’ স্কেল-

PB-4গ্ৰেড পে’
৩০০০০-১১০০০০১৭৫০০

জ্যেষ্ঠ তথ্য বিষয়া পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা:

  • বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ ডিগ্ৰী থাকিব লাগিব।
  • সাংবাদিকতা বা মাচ কমিউনিকেশ্বন বিষয়ত ডিগ্ৰী/ডিপ্লমা বা দায়িত্বপূৰ্ণ বাতৰিকাকতত/বাতৰি সংস্থাত জনসম্পৰ্কীয় সংস্থা/চৰকাৰী জনসংযোগ বিভাগত অন্ততঃ পাচঁ বছৰৰ অভিজ্ঞতা।
  • ইংৰাজী ভাষাৰ ওপৰত দখল।
  • ৰাজ্যত চলি থকা অসমীয়া, বেংগলী বা হিন্দী ভাষাৰ ওপৰত দখল।

ROP 2017 অনুযায়ী পে’ স্কেল-

PB-4গ্ৰেড পে’
৩০০০০-১১০০০০১৩৯০০

কণিষ্ঠ তথ্য বিষয়া পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা:

  • বিজ্ঞান, কলা আৰু বাণিজ্য যিকোনো শাখাৰ ডিগ্ৰী থাকিব লাগিব।
  • সাংবাদিকতা বা মাচ কমিউনিকেশ্বন বিষয়ত ডিগ্ৰী/ডিপ্লমা বা দায়িত্বপূৰ্ণ বাতৰিকাকতত/বাতৰি সংস্থা/জনসম্পৰ্কৰক্ষী সংস্থা/চৰকাৰী জনসংযোগ বিভাগত অন্ততঃ তিনি বছৰৰ অভিজ্ঞতা।
  • ইংৰাজী ভাষাৰ ওপৰত দখল।
  • ৰাজ্যত চলি থকা অসমীয়া, বেংগলী বা হিন্দী ভাষাৰ ওপৰত দখল।

ROP 2017 অনুযায়ী পে’ স্কেল-

১. SDIPRO ৰ বাবে:

PB-4গ্ৰেড পে’
৩০০০০-১১০০০০১২৭০০

২. স্ক্ৰিপ্ট ৰাইটাৰ/সহকাৰী সম্পাদক/প্ৰকাশন সহায়ক আদিৰ বাবে:

PB-4গ্ৰেড পে’
৩০০০০-১১০০০০৯১০০

সাংবাদিক, অনুবাদক, উপ সম্পাদক তথা প্ৰুফ ৰিডাৰ, প্ৰুফ ৰিডাৰ, গ্ৰন্থাগাৰিক আদি পদৰ পৰা Assam Information & Public Relations Service Rules 1986 অনুসৰি কণিষ্ঠ তথ্য বিষয়ালৈ পদোন্নতি হোৱাৰ সুযোগ আছে।

*** অতিৰিক্ত সঞ্চালক/ যুটীঁয়া সঞ্চালক/উপ-সঞ্চালক পদসমূহ বিভাগীয় পদোন্নতিৰ মাধ্যমেৰে পূৰণ কৰা হয়।